পৃষ্ঠা:গুলেনাৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। 101 মোৰ কৰিছে কি? তাইৰ সৰ্ব্বনাশ চেষ্টা কৰি, মই কিয় মহা- পাপৰ অংশ লবলৈ যাম? চাহজাদাৰ বেগম হৈছে, হওক, তাত মোৰ কি? আনাৰৰ বা তাত হাত কি? চাহজাদাৰ ইচ্ছামতে হৈছে। হলেই ব| তাইৰ ইচ্ছাতে, তাতনো কি কথা আছে? চাহজাদাৰ ওপৰত মোৰ কিবা স্বত্ব বা অধিকাৰ আছেনে? তেওঁৰ লগত মোৰ সম্পৰ্ক কি? ছিঃ! ছিঃ! ছিঃ!! এইবোৰ কথানে? এইবোৰ কথা ভাবিলেও পাপ হয়, এনেয়ে মোৰ মনটে৷ কিব৷ হৈ থাকে, তাতে আকৌ হাৰামজাদী বান্দীয়ে আহি উদগাই দিলেহি। বাৰু, কলেই জানিব৷ তাই, মইনে৷ বাউলী হওঁ কিয়? চাহজাদাৰ প্ৰত্যেকটো কামে প্ৰত্যেকটে৷ বাতৰিয়ে মোৰ হিয়াৰ মাজত কিয় এনে আন্দোলন তোলে? নহয়, নহয়, মোৰ অবুজ, অদম্য হিয়াক মই বলেৰে দমন কৰিম, নহলে ধৰ্ম্মতঃ মই কলঙ্কিনী হব লাগিব যে? নিশ্চয় নিশ্চয় মনক মোৰ দমন কৰিম। পঞ্চম দৃশ্য। মন্ত্ৰণাগাৰ। ( আকবৰ, মানসিংহ, পিয়াৰা ) আকবৰ—কি, পিয়াৰ৷? পিয়াৰ৷—জাঁহাপান৷, দিন দুনিয়াৰ মালেক, মেহেৰবান! গৰীব বান্দী মই, মোৰ জান গল! আক—ইকি? চেলিমৰ খাছ বান্দী তই, তোৰ আকৌ কি হল?