পৃষ্ঠা:গুলেনাৰ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। মেহেৰ—কি পিয়াৰ৷! বহুদিনৰ মূৰত দেখোঁ? আজিকালি দেখিবলৈকে নাই আৰু, বহা। পিয়াৰ৷—কেনেকৈ দেখিব, বেগম চাহেব৷? আজি-কালি আৰু মোৰ সেই দিন নাই, যি অৱস্থাত হে পৰিছে৷, কি কম? মেহেৰ—কিনে| এনে অৱস্থা হলহে তোমাৰ? পিয়াৰা—কি হব আৰু! হোৱাটোৱেই হৈছে। মহলৰপৰ৷ মোক খেদাই দিছে। মেহেৰ—থেদাই দিছে! কোনে? পিয়াৰ৷—নতুন বেগমে। মেহেৰ—নতুন বেগন! কোন নতুন বেগম? পিয়াৰ৷—কিয়? গুলেনাৰ! ( মেহেৰে তলমূৰ কৰে ) আপুনি সাহস দিলে, মই বান্দীয়ে কথা এটা কব থোজোঁ, বেগম চাহেব।! 100 মেহেৰ—কি? পিয়াৰ৷—আপুনি মোক সহায় কৰিব? মেহেৰ—কিহৰ সহায়? পিয়াৰ৷—মই কাম এটা কৰিব খুজিছো। মেহেৰ—–জানো, কি কোৱা তুমি? ভাঙ্গি নকলে কেনেকৈ বুজিম? পিয়াৰ৷—কামটে৷ আপোনাৰেই, মোৰ তাত একো নাই, বিবি চাহেবা! আপুনি সহায় হলে, মই দুদিনতে আনাৰৰ সৰ্ব্বনাশ কৰিব পাৰে৷, তেতিয়া আপুনি নিষ্কণ্টক হব। মেহেৰ—বান্দী! ছয়তানী! ওল| ইয়াৰ পৰ৷, নহলে জুতা মাৰি বাহিৰ কৰিম। ( পিয়াৰাৰ প্ৰস্থান ) বাৰু, লাই পাই গৈছে তাই! যিহকে মুখত আহে, তাকে কবলৈ ধৰিছে, অলপো ভয় সঙ্কোচ নাই! “বাৰু, দেখিম তোক! আনাৰ! আনাৰ! আনাৰে