পৃষ্ঠা:গুলেনাৰ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। উপকাৰ কৰিছা, তাৰ মানত তোমাৰ অপৰাধ যে একোৱেই নহয়। মোৰ আদেশ মতে, আনাৰক দূৰ কৰি দিয়৷ হলে, অনুতাপত এতিয়৷ মই আত্মহত্য৷ কৰিব লাগিলহেঁতেন। উঠ৷ ষোধা, মোৰ বুকুলৈ আহা— যোধ – ( চেলিমৰ হাত এখন আনাৰৰ হাতত দি) লোৱী আনাৰ! ভনীটি! লোৱা, যিখনি কৰপদ্মৰ মধুময় পৰশৰ কাৰণে তুমি চিৰ লালায়িত৷, আজিৰ পৰ৷ তাত তোমাক পূৰ্ণ অধিকাৰ দিলে॥ পুণ্য পবিত্ৰ প্ৰেমৰ সুস্নিগ্ধ পোহৰেৰে বিৰহ বিষাদ ডাৱৰে ঢাকি থোৱা, যিধ্বনি আন্ধাৰ হিয়া তুমি উজ্জ্বল কৰি তুলিছা, আজিৰপৰ৷ সেইখনি হিয়াৰ একমাত্ৰ অধিশ্বৰী তুমি! লোৱঁ৷, ভনীটি! এই দুখুনী বায়েৰে আজি নিজ-হৃদয় তন্ত্ৰী ছিঙ্গি আনি তোমাক স্নেহোপহাৰ দিছো, লোৱ৷। চতুৰ্থ দৃশ্য। মেহেব্ব মহল। ( মেহেৰৰ গীত। ) কিয় হৱ মন তই বলিয়া? তোৰ তে| নহয়—পৰৰ ধন তেওঁ চতুৰ লম্পট কলীয়া। কান্দিছ, কাটিছ, মৰিছ ভাবি, কৰ্ম্মত আছে যদি এনেয়ে৷ পাবি, এৰি দে ভাবনা, বাসন৷ কামনা, শোক চিন্ত৷ দলিয়া॥