পৃষ্ঠা:গুলেনাৰ.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। বন্দী কৰি থবা। তাৰ পাছত, তোমাৰ লগত চাদি দিয়া হব। মই শুধিলে৷ ইয়াত বেগম চাহেবাৰ লাভ? কিয় এনে কৰিব খুজিছে? তাই কলে, ইমানতো বুজা নাইনে? চাহজাদাই আনাৰক বৰ ভাল পাই,— আনাৰ আজি কালি বান্দী নহয়, মহলৰ মালেক, আমি এটাইবোৰে তাইৰ হুকুম মতে চলিব লাগে। চাহজাদাই বেগম চাহেবাতকৈ তাইক বেছি ভাল পায়, যত্ন কৰে। এই ঈৰ্ষাতে বেগমে তাইক চাহজাদ৷ উভতি নাহে মানে তোমাৰ ঘৰত বন্দী কৰি থব খুজিছে। চাহজাদা আহিলে, চৰিত্ৰহীন৷ বুলি অপবাদ দি, তাইক মহলৰ পৰা খেদাই দিয়াব; তাৰ পাছত তোমাৰ লগত চাদি দিব। এই কথা শুনি মই মুখেৰে ৰাজি হৈ তাইক বিদায় দিলো। কিন্তু পেটেৰে আনাৰক ৰক্ষা কৰিবলৈ উপায় চিন্তিলে॥ চেলিম—তাৰ পাছত? খাঁ চা—তাৰ পাছত উপায় এট। থিৰ কৰি, পাছদিন। সন্ধ্যাৰ পাছত এখেতৰ মহললৈ গৈ, খাতি, লুটি, ভৰিত ধৰি, মোৰ গৰীৰ খানাৰ ওচৰলৈ মাতি আনি সকলো কথ৷ ভাঙ্গি কোৱাত মোক সহায় কৰিবলৈ ৰাজি হল। তেতিয়৷ আমি হয়ে৷ মোৰ ঘৰৰ ওছৰতে লুকাই থাকিলোঁ। এনেতে পিয়াৰাই আনাৰকলৈ আমাৰ ওচৰ আহি পালত, জাপ মাৰি গৈ মই পিয়াবাৰ টেটুত টিপ| মাৰি ধৰি, হাত ভৰি বান্ধি মোৰ ঘৰৰ ভিতৰলৈ নি বন্দী কৰি থৈ আহিলোঁ। আনাৰে এইবোৰ দেখি একেবাৰে বিমোৰ হৈ মূৰ্চ্ছিত হৈ পৰিল — আলি চাহাবে চকুৱে মুখে পানী ছতিয়াই দিয়াত হুচ আহিল; তেতিয়া আমি দুয়ো তেওঁক মিৰ্জ্জ। বেগ চাহেবৰ মহললৈ নি মেহেৰুন্নিছাৰ লগত দি C