পৃষ্ঠা:গুলেনাৰ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ গুলেনাৰ।" টকা, পইছা, জেৱৰও বহুত দিব।” মই কলো, কিয়? কাৰণ কি? দুনীয়াত ইমানবোৰ থোবছুৰাত খোছ নছিবৰ মানুহ থকাত মোক যে বিচাৰি পালে, তাৰ মানেটো কি? তাই কলে, ইঃ! এওঁক বেগম চাহেবাই চিনি পায় নহয়! সেয়েতে৷ এওঁক বিচাৰি পালেগৈ? মই, বেগম চাহেবাক তোমাৰ কথা কলোঁ, নানান ৰকমে বুজাই কলত হে বেগম চাহেবাই মান্তি হৈছে। চেলিম—বাৰু, তুমি পিয়াৰাক আৰু পিয়াবাইনে৷ তোমাক, চিনি পালে কেনেকৈ? কথ| বতৰাততো বেচ পৰিচিত যেন দেখিছে॥ খাঁ চা—আপুনি নাজানে হুজুৰ! তাই বৰ বদ্‌জাত। আপোনালোকৰ আগত হে ছিধাজনী হৈ থাকে। তাইক কম বুলিছে? তাই, তাই সদায় ৰাতি মোৰ তালৈ যায়। নানান ৰূপে সাজি মেলি, মিছ৷ কথা কৈ মোক আস্নাই জনাই, মোৰ দ্বাৰা বহুত কাম কৰাই লয়। মই অকৰা, হুজুৰ! একে৷ নাজানোঁ, তাইৰ সেইবোৰ কথা মই সঁচা বুলি জানিছিলে।; পিছত হে বুজিলে। ফাকি! ফাঁকি! হাৰামজাদিয়ে ভেবা -- মোক ছোব৷ যাচি থাকে। চেলিম—বাৰু, বাৰু সেইবোৰ যাব দিয়ঁা, তাৰ পিছত কি হল? খাঁ চা—ওঁ কওঁ, কওঁ, কোন থিত এৰিলে৷? ‘অ হয়, তাই কলে—তাইয়ে হেনে৷ বেগমক মোৰ নাম কলে। আৰু কলে —তুমি বেগমৰ কাম এটা কৰি দিব লাগিব। মই শুধিলোঁ কি কাম? তাই কলে, চাহজাদা মেৱাৰ যুদ্ধলৈ গল, এই সুযোগতে কা কাইলৈ ৰাতি আনাৰক মই ফুচুলাই মেলি ইয়ালৈ লৈ আহিম, তুমি তাইক কেদিনমান, অৰ্থাৎ চাহজাদা নাহে মানে, তোমাৰ মহলত