পৃষ্ঠা:গুলেনাৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 গুলেনাৰ । এনে বিপদকালত মোক আমি পোৱালেহি; ময়ে৷ তেওঁৰ শত সহস্ৰবাৰ শলাগ লওঁ যে, মোৰ নিচিন৷ দীনহীন ক্ষুদ্র প্ৰাণীৰ দ্বাৰাও তেওঁৰ এনে মহৎ উদ্দেশ্য সাধন কৰালে : 3 আজি মোৰ কাৰণে অতি মঙ্গল মুহূৰ্ত্ত... ......তোমাৰ নাম কি মা? আনার।— গুলেনাৰ লক্ষ্মী।—তোমাৰ আৰু কোন আছে ? আনাৰ ।—কেঁও নাই। লক্ষ্মী—কেও ক'তে৷ নাই ? আনার।—হায় ! নাই, নাই, মোৰ আৰু কেঁও ক’তো নাই। লক্ষ্মী।—তোমালোক কিমান দিনৰপৰ৷ ইয়াত আছাহঁক ? STRA আনাৰ।—প্রায় দেড় মাহ। লক্ষ্মী। —— আগেয়ে ক'ত আছিল৷ ? আনার।— আমি দেশৰপৰ| আহিছিলোঁ৷ ইয়াতে আহি আম্মাজানৰ শৰীৰ অসুখ কৰে, সেয়ে আম্মাজানে কলে, –“মোৰ গাটো ভাল নহয়মানে ইয়াতে থাকেঁাঁহঁক আহ।” তেতিয়াৰে ইয়াতে আছে।। লক্ষ্মী।—দেশৰণৰ৷ নো গুছি আহিল৷ কিয় ? আনাৰ।—আমাৰ দেশত মানুহৰ বৰ কষ্ট, তাতে আমি আকৌ বৰ দুখীয়া; সেয়েতো আম্মাজানে কলে, “বল আনাৰ, আন কোনে দেশত যাতে দুবেলা দুমুঠি খাবলৈ পাওঁ তাৰে চেষ্টা কৰোঁগৈ৷” লক্ষ্মী।--তোমালোকৰ নে| দেশ ক’ত, বাছা ? আনাৰ ।——ইৰাণ। ইৰাণৰ নাম শুনিছে ? বহুত দূৰ । লক্ষ্মী।—ইয়াত আৰু তুমি কেনেকৈ থাকিব৷ ? মোৰ লগত বলা, মা!