পৃষ্ঠা:গুপ্তমণি.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫৯ )


কৰ্ম্মৰ বৰিষ শ্যাম শৰীৰ প্ৰকাশি।
আছে চতুৰ্ভূ্‌জ ৰূপে পূৰ্ণধৰ শশী ॥৪৭৯
আজানুলম্বিত সম বাহু চাৰি খান।
জ্বলে যেন প্ৰভাতৰ সূৰ্য্যৰ সমান॥
পীত বস্ত্ৰে শোভে যেন অধৰ নয়ন।
বহুত মুকুতা জ্বলে শৰীৰে কঙ্কণ॥৪৮০
চম্পাৰ পাকৰি যেন দেখয় আঙ্গুলি।
ৰত্নৰ আঙ্গুৰি তাতে কৰে জিলি মিলী॥
ৰত্নৰ মেখলা তাতে কটিত পাতমি।
তাৰ ওপৰত বাজে সোনাৰ কিঙ্কিনী॥৪৮১
ৰত্নৰ নেপুৰ বাজে ৰত্নৰ উজোতি।
কৌস্তুভ যে মণি গলে শ্ৰীবৎস পঙ্কতি॥
হৃদয়ত তিনি ৰেখা লক্ষ্মী যে দক্ষিণে।
দশন মুকুতা পাতি কাঞ্চনৰ গুণে॥ ৪৮২
মকৰ কুণ্ডল কণে পীত বস্ত্ৰ জ্বলে।
পঞ্চ বৰ্ণ বনমালা জ্বলে অতি গলে॥
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ দেখা।
ৰাতুল চৰণ শুক্ল বৰ্ণ পঞ্চ ৰেখা॥৪৮৩
আগে ধ্বজ বজ্ৰ মধ্যে পঙ্কজ জ্বলন্ত।
পাছে ছয় অঙ্কুশ সে প্ৰকাশ কৰন্ত॥
অঙ্কুশে শ্ৰীবৎস ভৈলা জানিবা নিশ্চয়।
নাৰদৰ বুদ্ধি বাৰ্ত্তা কহিলো নিৰ্ণয়॥৪৮৪
জগত জননী লক্ষ্মী যাক নহে সম।

জয় হৈয়া ৰৈলা দেহে পৰম উত্তম॥
পৰম ভকত জানি যেন শ্ৰেষ্ঠতৰ।
ধ্বজ হুয়া-ৰৈলা তেহু চৰণে কৃষ্ণৰ॥৪৮৫