পৃষ্ঠা:গুপ্তমণি.djvu/৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৮)

যেন মতে হোৱে যাৰ হৈবে কৰ্ম্মগতি।
তাক এড়াইবাৰ জানা কাহাৰ শকতি
পূৰ্ব্ব স্মৰণ যাৰ বাসনা আছয়।
মৰন্তেও স্মৰিবাক সিজনে পাৰয়॥৪৭২
পূৰ্ব্ব সংস্কাৰ বাসনা নাহি আছে যাৰ।
লোকে সুমৰন্ত মুখে নাম নাহে তাৰ॥
পূৰ্ব্ব সংস্কাৰ কৰ্ম্ম বাসনা সহিত।
সুখ দুখ লোকক ভুঞ্জয়ে প্ৰতি নিত॥ ৪৭৩
গুৰুৰ চৰণে ভক্তি দৃঢ় ভৈলা যাৰ।
কৰ্ম্ম বন্ধ বাসনা যে দূৰ হয় তাৰ॥
যেই গুৰু সেই হৰি জানা নিষ্ঠ কৰি।
কলিত বৈষ্ণব ৰূপে বিষ্ণু অৱতৰি॥ ৪৭৪
হেন জানি গুৰু পাৱে কৰা এক মতি।
তেবেসে সংসাৰ তৰি পাইবা সদগতি॥
হেন গুৰু হেন কৃষ্ণ হেন নাম এৰে।
হেনয় ভকতে কেন বিশ্বাস নকৰে॥ ৪৭৫
মনুষ্য শৰীৰ পাই হৰি ভক্তি নাই।
পশুত অধম সিটো অধোগতি যাই॥
গুৰূ সেৱা বিনে নাহি কাহাৰ তৰণ।
গুৰুসে দেৱৰ দেৱ ধৰা এক মন॥ ৪৭৬
পৰম বিশ্বাস তত্ব কহিলো শাস্ত্ৰৰ।
এবে শুনা যৈত আছে সবাৰো ঈশ্বৰ॥
সৃষ্টিৰ ওপৰে অগ্নি কুণ্ডৰ ওপৰ।
তাহাতে আছন্ত মহা পুৰুষ ঈশ্বৰ॥৪৭৭
যি মতে আছন্ত হৰি শুনা কথা তাৰ।
যিতো ভক্ত গণে আসি ভৈলা অলঙ্কাৰ॥