পৃষ্ঠা:গুপ্তমণি.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬০ )


দেখা কেন ব্ৰহ্মা তাৰ আৰ প্ৰিয় ভক্ত।
পথ হুয়া ৰৈলা দেহ কৃষ্ণ চৰণত॥৪৮৬
ধ্বজ বজ্ৰ যব যে অঙ্কুশ পথ দেখাঁ।
পঞ্চ চিহ্ন শৰীৰৰ দিলো এহি লেখা ॥৪৮৭
আবে কহো শুনা তান দেহা আভৰণ।
যেন মতে বেৰি আছে ভক্ত চৌদ্ধজন॥৪৮৮
চাৰি বেদ ভক্ত ভৈলা জানিবা সম্প্ৰতি।
চৰণ নেপুৰ হৈয়া ৰৈলা মহামতি॥৪৮৯
কল্প তৰু ব্ৰহ্মা ৰূপে কৃষ্ণৰ ভকত।
আছে হুইয়া চৰণ কমল পত্ৰ যুত॥৪৯০
কুবেৰ বৈষ্ণৱ দেহ যাক নাহি সম।
পঞ্চ আঙ্গুলিতে দেহ উজোতি উত্তম॥৪৯১
বাসুকি পৰম ভক্ত জনিবা কৃষ্ণৰ।
হৰে যে ভৈলন্ত দেহ চৰণ কৃষ্ণৰ॥৪৯২
পৃথিবী পৰম ভক্ত জানা শৰীৰত।
তেজ হুয়া আছে যেন কৃষ্ণ শৰীৰত॥
নিজ ভক্ত অনুৰাগে ৰাঙ্গা যে চৰণ।
কেবল ভক্তৰ বশে ভৈলা হৃষ্টমন ॥
জগতৰ ভক্ত গণে আছে নিৰন্তৰ।
তাৰ ৰশ্মি ভৈলা পদ্ম হস্তৰ ওপৰ॥
জানি নিৰন্তৰে নৰে এৰি আন কাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥৪৯৫

⸺⸻⸺

সমাপ্তঃ৷