পৃষ্ঠা:গুপ্তমণি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৯ )


চিদঙ্গাৰ হন্তে, চৌদ্দ আখি জাত,
  ধৰ্ম্ম অধৰ্ম্মক চাৱে` ৪১৩
বঙ্খা জীৱ যায়, অনন্তৰ থাই,
 কলঙ্ক ব্ৰহ্মাৰ স্থানে।
চিদঙ্গা বহন্ত, পুণ্যৰ থানক,
 কহিলেহো সাৱধানে ॥ ৪১৪
শুনা সৰ্ব্বজন,  কৰি এক মন,
  শ্ৰবন কীৰ্ত্তন কৰা।
ৰাম কৃষ্ণ হৰি,   নাম সদা স্মৰি,
 সংসাৰ সাগৰ তৰা॥ ৪১৫

পদ।

আৰ শুনা সংসাৰৰ ব্ৰহ্মা হয় আয়।
সংসাৰ ব্ৰহ্মা জানা প্ৰকৃতি আশ্ৰয॥
যাক বোলা সংসাৰৰ ব্ৰহ্মা ৰুদ্ৰচয়।
সংসাৰৰ ব্ৰহ্মা জানা দেহক বোলয়॥ ৪১৬
সত্ব ৰজ তম প্ৰকৃতিৰ তিনি গুণ।
সংসাৰ ব্ৰহ্মাৰ জানা সিপা তিনি জন॥
তক চক্ষু বন্য ঘন থিন পাঞ্চতৰ৷
এহিসে ঈশ্বৰ হয় সংসাৰ ব্ৰহ্মাৰ॥ ৫১৭
মন বুদ্ধি অহঙ্কাৰ এহি তিনি গুণে।
সংসাৰ ব্ৰহ্মাৰ মূল থান তিনি জনে॥
পৃথিবী আকাশে আসে তেজ বাহুবল।
এহি চাৰি সংসাৰ ব্ৰহ্মাৰ থান মূল॥ ৪১৮
পান অপান ব্যান সমান উদান।
নাগ কুৰ্ম্ম কৃকৰ সহিতে আঠ জন॥