পৃষ্ঠা:গুপ্তমণি.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫০ )

দেবদত্ত ধনঞ্জয় এহি বায়ু দশ।
সংসাৰ ব্ৰহ্মাৰ পাৱ ভৈলন্ত নিশেষ॥ ৪১৯
ভয় উৰ্ম্মি ক্ষুধা তৃষ্ণা মোহ জৰা মৃত্যু।
এহি ছয় সংসাৰ ব্ৰহ্মাৰ ৰস ধাতু॥
তাঙ্ক অপহত মণি তত্ত্ব বলি চৰ্ম্ম।
এই ছয় সংসাৰ ব্ৰহ্মাৰ ধাতু চৰ্ম্ম॥৪২০
অজ্ঞানে অলক্ষ ব্ৰহ্মা জ্ঞানে সাৰ ভৈল।
বিষষ ভৈলন্ত ভুল দেখি জাতি কুল॥
সুখ দুখ দুই ফল জানিবা বিশেষ।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ চাৰি ফল ৰস॥ ৪২১
চক্ষু মুখ নাক কান গুহ্য লিঙ্গ আৰ।
নৱতা সুৰঙ্গ ইতো সংসাৰ বৃক্ষৰ॥
জীৱ আত্মা পৰমাত্মা জানা পক্ষি দুই।
সংসাৰ বৃক্ষত পৰি মনে থাকে শুই॥ ৪২২
শুনিলা সংসাৰ ব্ৰহ্মা যেন তত্ব সাৰ।
শৰীৰতে লোৱা এহি কথাৰ বিচাৰ॥
পিঠিত পৃথিবী ভৈলা মধ্যে ভৈলা মেৰু।
দেহে আছে জীৱ জন্তু তৃণ লতা তৰু॥ ৪২৩
মনে গুণি চোৱা ভাবে শত্ৰু আছে কৈত।
বিচাৰিলে শত্ৰু মিত্ৰ পাৱে আপোনাত॥
যিবা হয শত্ৰু মিত্ৰ তাৰ কথা শুনা॥
দেহ মধ্যে শত্ৰু মিত্ৰ চৌদ্ধ ইন্দ্ৰ গণ॥ ৪২৪
ল চক্ষু মন মুখ নাসিকা শ্ৰবন।
এহি ছয় গোটা শত্ৰু পৰম দুৰ্জন॥
ইহাৰ সমান শত্ৰু মিত্ৰ কোন নাই।
কহিলোহো শত্ৰু মিত্ৰ দেহাত দেখাই॥ ৪২৫