পৃষ্ঠা:গুপ্তমণি.djvu/৫০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৮ )


যেন মতে আদি  পুৰুষতে ৰহে,
  তিনি জীৱ প্ৰকাশয়।
বঙ্খা জীৱৰ   কলঙ্ক সূতাৰি,
 চিদঙ্গা ভকত হয়॥ ৪০৭
ইতো তিনি জীব,   আনে যি স্থানৰ,
  শুনিয়ো তাৰ নিশ্চয়।
বঙ্খা জীৱ আনে,  অনন্তৰ হন্তে,
 আদি পুৰুষত ৰয়॥ ৪০৮
কলঙ্ক জীৱক   ব্ৰহ্মায়ে আনন্ত,
  কহিলো নিশ্চয় তাৰ।
চিদঙ্গা জীৱৰ,  জানিবা শোধন,
  আছে মহা পুৰুষৰ।৷ ৪০৯
নাড়ী বেই তলে,  থাকে ইতো জীৱ,
 নিত্যানন্দে লীন ৰয়।
পিঙ্গলা নাড়ীৰ,   যিতো জীৱ থাকে,
 কলঙ্কা তাহাক কয়॥৪১০
নাসিকাৰ দ্বাৰে,  বঙ্খা কলঙ্কাৰ,
  জীৱৰ প্ৰকাশ কৰে।
ইতো দুই জীৱে,  মুখ্য পথ লৱে,
  প্ৰাণায়াম জপি নৰে॥৪১১
তালু মুখ মধ্যে,  চিদঙ্গা জীৱতি,
 কৰে আতি প্ৰকাশয়ে।
বঙ্খা জীৱ হন্তে,  দশ ইন্দ্ৰ জাত,
 এতেকে নৰক ভুঞ্জে॥৪১২
কলঙ্কাত হন্তে,  শয়ন ত্ৰিকাৰ,
 এতেকে সংসাৰি হৰে।