পৃষ্ঠা:গুপ্তমণি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৭ )


দেখি সুশোভন, অতি বিতোপন,
 পৰম গৌৰ বৰণ॥ ৪০০
ছয় অঙ্গুলিৰ, তাহাৰ উপৰে,
 আছে অষ্ট ভুজ হৰি।
তাঁহাৰ চৰণে, নাম চিন্তে ব্ৰহ্মা,
 পাৰিষদ ৰূপ ধৰি॥ ৪০১
তাহাৰ উপৰে,  কতেক জীৱৰ,
 খানযে নাভিৰ তলে।
জ্বলে শ্বেত বৰ্ণ,  তাহাৰ উপৰে,
  জানিবা হৃদি কমলে॥ ৪০২
চতুৰ্ভুজ হৰি, প্ৰকাশ কৰন্ত,
 চৰণে শোভন কৰে।
ভ্ৰমৰ নয়নে,  চিন্তে যিতো জনে,
  নিৰ্গুণ স্বৰূপ ধৰে॥ ৪০৩
তাৰ ওপৰত, কণ্ঠৰ উদ্ধত,
 চিদঙ্গা জীৱৰ স্থান।
দেখি শুক্ল বৰ্ণ, তালু তলে স্থান,
  আছে আতি বিতোপন॥ ৪০৪
সুষুম্না নাড়ীব, ওপৰে আছন্ত,
  হেম ময় সিংহাসন।
তাত আছে বায়ু,  চতুৰ্ভুজ হৰি,
  কৰি আতি সুপ্ৰসন॥ ৪০৫
জ্ঞান সৃষ্টি ৰূপে, ৰস পান কৰে,
 জীৱৰ পলকে লয়।
তাহান চৰণ, সেৱক শৰণ,
 ভকতি মাত্ৰ হোৱয়॥ ৪০৬