পৃষ্ঠা:গুপ্তমণি.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৬ )


মোৰ পদ বুলি নধৰিবা গুণ দোষ।
কৃষ্ণৰ কথাক শুনি হয়োক সন্তোষ॥
কহে গোবিন্দৰ দাস এৰা আনকাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥ ৩৯৫

দুলৰি।

নমো হৰি হৰি,  বন্দো কৃতাঞ্জলি,
 ভক্তিৰ পবিত্ৰ কৰে।
হৱে মুক্ত মূল,  পাতেকে নিৰ্ম্ম ল,
  সহায় সংসাৰ তৰে ॥৩৯৬
ৰচিল অপাৰ,  ভাগৱত পাৰ,
  দেহাৰ বিচাৰ কথা।
আক এক মনে,  শুনে যিটো জনে,
  জনম নহয় বৃথা॥ ৩৯৭
ইহেন শাস্ত্ৰক,  নুশুনে যি জনে,
 বিচাৰি নলয় তত্ত্ব।
তাৰ সম পাপী,  নাহিকে পাতকী,
 পৰিলন্ত নৰকত॥ ৩৯৮
শুনা কথা সাৰ, গৰ্ভৰ ভিতৰ,
 যিতো স্থানে আছে হৰি।
যি থানত পৰা,   সিতো ব্যক্ত হন্ত,
 কহিবোঁ প্ৰচাৰ কৰি॥ ৩৯৯
গুহ্যৰ উপৰে,  অণ্ডকোষ তলে,
  ৰঙ্গ যে জীৱৰ স্থান।