নমো নমঃ কৃষ্ণ তযু অভয় চৰণে।
কায়বাক্যে মনে হেৰা পশিলো শৰণে॥ ৩৮৮
শৰণাগতক নেৰিবাহা কৃপাময়॥
তযু পাৱে মন যেন সদায় থাকয়॥
তুমি প্ৰিয়ত্তম নিজ আত্মা মোৰ প্ৰাণ।
সুহৃদ বান্ধৱ তুমি বিণে নাহি আন॥ ৩৮৯
মই সি পামৰ অজ্ঞ নাজানো তোমাক।
এহি হেতু মায়া পাপে বান্ধিলে আমাক॥
নাহি সীমা বন্দী হৈয়া ফুৰো কত কাল।
এবে অনাথক কৃপা কৰিবাক ভাল॥ ৩৯০
মোৰ দোষ গুণ নিবিচাৰি নাৰায়ণ।
নিজ কৃপা গুণে মোত হয়োক প্ৰসন্ন॥
লেশ নাত্ৰ কৰা প্ৰভু কৰুণা ইবাৰ।
তবে মনোৰথ পূৰ্ণ হোৱয় আমাৰ॥ ৩৯১
মোৰ ইন্দ্ৰিয়ৰ বৃত্তি তোমাত ৰহোক।
এহি মান অনুগ্ৰহ কৰিওক মোক॥
পৰি আছো ইতো ঘোৰ সংসাৰ সাগৰে।
কৃপা কৰা মোক প্ৰভু তুয়া গুণ নামে॥ ৩৯২
অতি নিমাসিত মই ওহে কৃপাময়।
হৰি পদ ভক্তি মোক দিয়োক আশ্ৰয়॥
আছোহো শৰণ লৈয়া কায়বাক্য মনে।
কৃপাময় প্ৰভু কৰা দয়া নিজ গুণে ॥ ৩৯৩
দন্তে তৃণ ধৰি প্ৰভু কাতৰক কৰো।
হেনয় পাতকি মই সংসাৰতে তৰো॥
কৰযোৰে কৰি বোলো শুনা সৰ্ব্বলোক।
অল্পনতি দেখি নিন্দা নকৰিবা মোক॥ ৩৯৪