পৃষ্ঠা:গুপ্তমণি.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৪ )


অগ্নিৰ পাসিত জীৱ থাকিলে সহজে।
ৰাগ লগ লয় তাৰ ক্ৰোধক ওপজে॥
দক্ষিণ পাহিত জীৱ ষায় পৰ স্থান।
আশ্ৰম ক্ষেত্ৰক লাগি তাৰ যাই মন॥ ৩৮২
নৈঋত পাহিত যেন জীৱ যে থাকিলে।
পাপ কৰিবাক লাগি তাৰ মন চলে॥
পশ্চিম পহিত জীৱ ভৈলা যেবে স্থিতি।
তীৰ্থ দেখি ফুৰিতে তাহাৰ যায় মতি॥ ৩৮৩
বায়ব্যৰ পাহিত জীৱ স্থান লয় যেবে।
কাম ভোগ কৰিবাক মন যায় তেবে॥
উত্তৰ পাহিত জীৱ হয়ে উতপন।
ভক্তি কৰিবাক লাগি তাৰ যাই মন॥ ৩৮৪
এতেকে ভক্তৰ পথ উত্তৰৰ কুলে।
কেৱল ভকত যায় হয়ে সিটো জনে॥
ঈশান পাহিত জীৱ থাকিলন্ত পৰা।
তেবে সিতো দুখ পালে কৰে ব্যাধি পীড়া॥ ৩৮৫
ইমত পন্থত জীৱ ভ্ৰমিয়া থাকয়।
কহিলো জীৱৰ যেনে সুখ দুখ চয়॥
সিয়ো শৰীৰতে আছে অনেক বিচাৰ।
তত্ত্বক বিচাৰি পাই তৰয় সংসাৰ॥৫০৯॥ ৩৮৬
নমো নমো নাৰায়ণ অনাথক মোক।
শৰণে পশিলো প্ৰভু ক্ষমা কৰিয়োক॥
তোমাৰ দাসৰ দাস মই ভৈলো দাস।
মই অনাৰ্থক প্ৰভু নকৰা নৈৰাশ॥ ৩৮৭
কৰ্ম্ম ফল মত যৈতে তৈতে জন্ম হৌক।
তুয়া গুণ নাম মন্ত্ৰ আমাক নেৰোক॥