পৃষ্ঠা:গুপ্তমণি.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৩ )

চিত্তে গুৰু জীৱৰ নাম নামৰ গুৰু হৰি।
লওক কথাৰ তত্ব দেহাত বিচাৰি॥ ৩৭৫
কণ্ঠ মূলে পদ্ম আছে তাৰ অষ্ট পাহি।
জীৱ আত্মা পুৰুষ ঈশ্বৰ আছে বহি॥
ৰাম নামে পৰমাত্মা জানিবা নিশ্চয়।
কৃষ্ণ নামে জীৱ আত্মা প্ৰকাশ আছয়॥ ৩৭৬
ৰাম নাম গুণে হৰি কৰি শয়ন।
হৰি নামে চক্ৰ কৃষ্ণ নামে আভৰণ॥
ৰাম নাম তাৰ ভৈলা গুৰু ভৈলা তাৰি।
লৰ নামে দিলা চুৰী কৃতান্ত মুৰাৰি।৷ ৩৭৭
জীৱ আত্মা পৰমাত্মা দুজনা ঈশ্বৰ।
দুজনাৰ মাজে বৰ ভৈলা অহঙ্কাৰ॥
এতেকে জীৱক জানা মায়ায়ে বেৰিছে।
তাৰ কৰ্ম্ম পাশে বন্দী হৈয়া সব আছে॥ ৩৭৮
বিকশিত জ্ঞানী হন্তে বহু অহঙ্কাৰ।
অহঙ্কাৰ হন্তে জীবে নেৰয় সংসাৰ॥
তেবে জানি জীৱৰ মায়াৰ গুছে ভ্ৰম।
নিৰ্ম্মল শৰীৰ জীৱে মই বোলো ব্ৰহ্ম॥ ৩৭৯
কায় শুদ্ধ হুইয়া যিটো মায়াক এড়াই।
এতেকে পুৰুয ভকতিৰ ভাগ পাই॥
কহিলো ৰহস্য কথা বেদ তত্ব সাৰ।
গুপুত পৰম গুপ্ত ইসব বিচাৰ॥ ৩৮০
অষ্ট দল পদ্মৰ আচন্ত অষ্ট পাসি।
যি পাসত যেন কথা শুনিয়ো প্ৰকাশি॥
পুৰৰ পাসিত জীৱ থাকিলন্ত গই।
পুণ্য কৰিবাক লা গিতাৰ মন যাই॥ ৩৮১