যেন মতে ইন্দ্ৰি গণে ভৈলা উতপতি।
যি মতে চৌবিচ তত্ব ভৈলা উতপতি॥ ২৭৬
আদি ৰূপে পূৰ্ব্বত আছিলা নাৰায়ণ।
অনাদিক আদি দেৱে কৰিলা সৃজন॥
অনাদি ঈশ্বৰ পাছে চিন্তিল উপায়।
বাম অঙ্গ হন্তে পাছে প্ৰকৃতি বাজ হয় ॥ ২৭৭
দক্ষিণৰ পাকত যে ফুৰে ৰস চয়।।
মানসাক কৰি তেবে পুৰুষ হোৱয়॥
বাম পাকে ফুৰে ৰস নাড়ী উতপন।
বিণা পাকে নপুসংক কহিলোঁ লক্ষণ॥ ২৭৮
অনাদি ৰূপি কন্যা পাছে ভৈলা গৰ্ভাৱতী।
অনাদিৰ পুত্ৰ ভৈলা মহত্ত্ব উৎপতি॥
মহত্বৰ পুত্ৰ ভৈলা তিনি অৱতাৰ।
তামসিক ৰাজসিক সাত্বিক অলঙ্কাৰ॥ ২৭৯
দশ দেৱ ৰাজসিক হন্তে উতপতি।
চন্দ্ৰ ৰুদ্ৰ বায়ু দেব ধৰ্ম্ম ভৈলা আতি॥
এহি চৌদ্ধ ইন্দ্ৰ ভৈলা জগত প্ৰচাৰ।
সব মিলি শৰীৰ আসি ভৈলা মনুষ্য়ৰ ॥২৮০
কেহ হাত পায় লিঙ্গ কুব্জ আছে হুই।
কেহ কান নাক জিহ্বা আছে চক্ষু দুই॥
মন বুদ্ধি অহঙ্কাৰ বাক্য আছে চয়।
এই চৌদ্ধ ইন্দ্ৰ ভৈলা মনুষ্যৰ কায়॥ ২৮১
তাসম্বাৰ হন্তে দশ দেৱ উতপতি।
শব্দ গুণ আকাশ প্ৰবেশ বায়ু আতি॥