উৰু পগ্নি ৰস জল গঁন্ধ জল ভৈলা।
এহি দশ দেৱ যে বিতত্ব নাম লৈলা॥ ২৮২
গন্ধ ৰূপ পৰশ শবদ পৰ ৰস।
ইসব ইন্দ্ৰিয় সমে কি কৰে সৰস॥
ভৈলন্ত চৌবিচ তত্ত্ব তেজ মাংস হাৰ।
এহি মতে দেহা আসি ভৈলা মনুষ্যৰ॥ ২৮৩
ভবিষ্যত মনুষ্যৰ দেহা ভৈলা যাত।
তাতে সে দেহাক জানা বোলে পাৰগত॥
মনুষ্যৰ দেহা ভৈলা যিতো দেৱগণ।
কহো তাসম্বাৰ নাম শুনা সব্বজন॥ ২৮৪
ধ্বজে অগ্নি জয়ে চন্দ্ৰ পথে বসুমতী।
চিত্তে বাসুদেৱ হাতে ইন্দ্ৰ সুৰপতি॥
ব্ৰহ্ম বুদ্ধি অগ্নি বাক্য দিশে ভৈলা কৰ্ণ।
বৰুণে ভৈলন্ত জিভা চন্দ্ৰ ভৈলা মন॥ ২৮৫
স্বগে বায়ু সূৰ্য্যে চক্ষু ৰুদ্ৰে অলঙ্কাৰ।
যমে দণ্ড ভৈলা নাকে অশ্বিনী কুমাৰ॥
হাৰে তৃপিনী গঙ্গা কণ্ঠে সৰস্বতী।
চৰণত গঙ্গা উৰু কিন্নৰ সম্প্ৰতি॥ ২৮৬
মুখত থাকন্ত ব্ৰহ্মা জানিবা সাক্ষাত।
নাভিত আছন্ত ৰুদ্ৰ বিষ্ণু যে হিয়াত ॥
অষ্টদল পদ্মত আছন্ত জীৱ আত্মা।
দশ দল পদ্মত আছন্ত পৰমাত্মা॥ ২৮৭
সবাৰো তলত আছে ধৰ্ম্মে ধৰি ছাতি।
শিৰত আছন্ত কাল পুৰুষৰ নাতি॥
পৃষ্ঠা:গুপ্তমণি.djvu/৩০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৮ )
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fa/%E0%A6%97%E0%A7%81%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE%E0%A6%A3%E0%A6%BF.djvu/page30-755px-%E0%A6%97%E0%A7%81%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%AE%E0%A6%A3%E0%A6%BF.djvu.jpg)