পৃষ্ঠা:গুপ্তমণি.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৬ )

এক পক্ষ ভৈলে জীৱ শিলা ময় হয়।
এক মাস হৈলে হয় মাংস পিণ্ড কায়॥ ২৭০
দুই মাস হৈলে ইন্দ্ৰি গণে লগ লয়।
চল্লিশ ইন্দ্ৰি লাগ লয়ে সবে চিন্ন হয়॥
তৃতীয় মাসত লোম চাল নখ হয়।
সকল সম্পূৰ্ণ ঠানি তাৰ কাৰ্য্য় হয়॥২৭১
পুৰুষত সাত ধাতু চতুৰ্থ মাসত।
পঞ্চ মাস ভৈলে হয় ক্ষুধা তৃষ্ণা যত॥
ছয় মাস ভৈলে জালে বেৰন্ত শৰীৰ।
দক্ষিণ কুক্ষিত ভনি থাকে জননীৰ॥ ২৭২
সাত মাস ভৈলে বায়ু প্ৰসুতি পাৱয়।
গৰ্ভও থাকিয়া তাক থিৰ নকৰয়॥
আঠ মাসে হৈলে জীৱ কৰে কৃতাঞ্জলি।
কৃষক কাকুতি কৰে নানা স্তুতি বুলি॥ ২৭৩
দশ মাস ভৈলে জীৱে বায়ু লাগ লয়।
প্ৰসুতি মাৱন্তে দুই ওভোতায়ে থয়॥
যোনি দ্বাৰে বাজ কৰে যেন তেন কৰি।
পাছে চেতনক পাই ধৰণীত পৰি॥ ২৭৪
পৃথিবীত পৰি জীৱে লভিলা চেতন।
তেতিক্ষণে পাসৰম্ভ কৃষ্ণৰ চৰণ॥
হৰি হৰি প্ৰাণ কৃষ্ণ কি কাম কৰিলোঁ৷
যি কথা বুলিলো মানে সবে পাসৰিলোঁ॥২৭৫
ইন্দ্ৰিৰ সংযোগে দেহা নিতান্ত বাঢ়য়।
কহিলোঁ জীৱৰ কথা এমত বিলায়॥