পৃষ্ঠা:গুপ্তমণি.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২২ )


নয় গোটা এহি,  ভৈলন্ত খোবাক,
 সংসাৰ ব্ৰহ্মাৰ দেহা॥ ২৩৩
আউৰ জীউ আত্মা,  যিতো পৰমাত্মা,
 এহি জানা পাখী দুই।
সংসাৰ বৃক্ষত,   পৰি দুয়ো জনে,
 সদাই থাকম্ভ চাই॥ ২৩৪
যি মূল বৃক্ষৰ, সি দক্ষ ঈশ্বৰ,
  দেৱগণে চাল যত৷
ইহাৰ নিৰ্ণয়, যি জনে জানয়,
  জানিবা এহি মহন্ত॥ ২৩৫
শাস্ত্ৰৰ উত্তম, ভৈলা গুপ্তমণি,
 বেদতো উত্তম নাম।
দেবতো উত্তম, দৈবকী নন্দন,
 চৰণে কৰো প্ৰণাম॥ ২৩৬


পদ।

আত অনন্ত'ৰ শুনা কৃষ্ণৰ চৰিত।
যেন ৰূপ ধৰি হৰি আছে পৃথিবীত ॥২৩৭
অন্তৰ্য্য়ামি ৰূপ হয় যত সমস্তক।
স্ৰজন্তু পালন্ত সংহাৰন্ত তিনি লোক॥ ২৩৮
কোনে বোলে কৈত ইতো শৰীৰ পৰন্ত।
গুৰু কোন স্থানে থাকি মৃত্যু মিলাৱন্ত॥ ২৩৯
তাহান লক্ষণ কহো শুনা সৰ্ব্বজন।
পদ্মৰ ওপৰ হৈলে মিলয় মৰণ ॥২৪০