পৃষ্ঠা:গুপ্তমণি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৩ )


প্ৰভাতে উঠিয়া লোক স্মৰি দিবা মন।
ধৰি চক্ৰ চাহি তেবে কৰিবা গমন॥ ২৪১
দক্ষিণ চলয় যদি সেহি দিনা ভাল।
বাম সৰে চলে যদি হয় মৃত্যু কাল॥ ২৪২
দুয়ো সবে একে হুয়া সমান চলয়।
মাস কাল বিমঙ্গল পাইবন্ত নিশ্চয়॥ ২৪৩
তবে চলি যাইবা বাজ ফুৰা কৰিবাৰে।
দুযো হাতে দিবা নিয়া কাপৰ ভিতৰে॥ ২৪৪
নল ত্য়াগি যাইবা পাছে জলৰ ওচৰ।
জল মাতি লৈয়া শুদ্ধ কৰিবা কলেবৰ॥ ২৪৫
মহা শুদ্ধ হৈবা মল ধুয়াঁ পখালিবা।
তাত পাছে মুখ পদ্ম গোট ধুৱাইবা॥ ২৪৬
দেহা শুদ্ধ কৰি যাইবা ঈশ্বৰৰ গুৰি।
বন্ধব চিনিবাঁ পাছে মন স্থিৰ কৰি॥ ১৪৭
আত্মা জীহা ওপৰত আচয় তৃপিনী।
অম্ভকালে চলি যাইবে যত সপ্ত ধনি॥ ২৪৮
প্ৰাণ মন চিত্ত বিত তেবে চলি যায়।
চেতন এৰিলে দেহা যেন শৱ প্ৰায়॥ ২৪৯
ইঙ্গলা পিঙ্গলা প্ৰাণ উৰ্দ্ধকি চলয়।
সুশ্ৰুত সুৰ পন্থে চিন্তিবা নিশ্চয়॥ ২৫০
নমো কৃষ্ণ অনন্ত কেশৱ সদাশিব।
জন্ম নিবাৰণ কৰা জগতৰ জীৱ॥ ২৫১
আছে অভ্যন্তৰে এক জগত ঈশ্বৰ।
সেহি সে কৰয় জানা সংসাৰৰ পাৰ॥ ২৫২