পৃষ্ঠা:গুপ্তমণি.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১ )

ব্ৰহ্ম মূল গোৰ,  অৰ্দ্ধক বাঢ়য়,
 উৰ্দ্ধে বাঢ়ে যত খান॥ ২২৭
যিতো মনে গোৰ,  জানিবা ঈশ্বৰ,
  কৃষ্ণ বিনে নাহি কেৱ।
থাল বুলি যাক,  উৰ্দ্ধক কহিলোঁ,
 ব্ৰহ্মা আদি দেৱতাক॥ ২২৮
বেদৰ সমান,   ছান্দ আছে যত,
 ব্ৰহ্মাৰ পাত্ৰ সকল।
ধৰ্ম্মা ধৰ্ম্ম দুই, ব্ৰহ্মাৰ ভানুই,
 সুখ দুখ দুই ফল॥ ২২৯
অজ্ঞান ব্ৰহ্মাৰ,   চক্ষু ভৈলা তাৰ,
 জ্ঞানে ব্ৰহ্মাৰ সংসাৰ।
তিনি গুণে জল,  সিচন্তে আছন্ত,
 বিষয় অঙ্কুৰ ৰাগ॥ ২৩০
গুণে জল প্ৰায়, সখা বাজি যায়,
  ব্ৰহ্মা ঢাক দিয়ে ঢাকী।
পূৰ্ণ কৰি অধে, হয়ে দেৱগণ,
 উৰ্দ্ধ হয়ে পথে পখী॥ ২৩১
সংসাৰ ব্ৰহ্মাৰ, দেখিতে সুন্দৰ,
 ফুলে ফুলে জ্যোতিষ্কাৰ।
তাতে কৰি চিত,  হইয়া মোহিত,
 মূল নাজানত তাৰ॥ ২৩২
বেদ ব্ৰহ্মা তৈল,  মুখ গৰ্ভ লিঙ্গ,
 ইয়াৰ লয়োক লেখা।