এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮২]
আগ হােয়া ভাঙ্গো বন, দেখা মােৰ দুখমান,
মোকে সে জীৱন্তা বোলে লোকে।
আন্টিল মােহৰ দুখে, পথ ভাঙ্গে নাৰী লােকে,
নামাতিব আউৰ তুমি মােকে॥ ৩৭৮ ॥
বন ভাঙ্গি মৰাে আমি, পাছে পাছে যােবা তুমি,
এনুয়া পুরুষ নতু দেখি।
মাধৱে বােলন্ত হেৰা, ইতো শােক পৰিহৰা,
আসি বন ভাঙ্গো প্রাণ সখী॥ ৩৭৯ ॥
তুমি গতি মতি প্রাণ, তুমি বিনে নাই আন,
কিঞ্চিতেকো মােৰ নাই হেলা।
গােপীগণে আসে খেদি, দুর্গম বনক ভেদি,
ৰােষ কৰিবাৰ নােহে বেলা॥ ৩৮০ ॥
এহি বুলি দেৱহৰি, অনেক কাতৰ কৰি,
বন ভাঙ্গি যান্ত দামােদৰ।
বন ভাঙ্গি যদুৰায়, ৰাধিকা পাছত ধায়,
কুঞ্জবন পাইলা মনােহৰ॥ ৩৮১ ॥
যথা মল্লিকা মালতি, শিৰীষ জুতি শেৱতি,
গােলাব বকুল লাগেশ্বৰ।
পাৰিজাত গুটিমালি, টগৰ চম্পা খেয়ালি,
ফুলিয়াছে কদম্ব বিস্তৰ॥ ৩৮২ ॥