এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮১ ]
সেই থানে ৰোষ কৰি, বহে ৰাধা প্ৰাণেশ্বৰী,
বোলে তজু সঙ্গে কাৰ্য্য নাই।
পাথ হাণ্টি পালোঁ দুখ, দুখ এৰি কৰোঁ সুখ,
প্ৰফুল্ল পুষ্প বনে জিয়াই॥ ৩৮৩॥
হেন পুরুষৰ সঙ্গ, চলিতে নাহিকে ৰঙ্গ,
নাৰীক অকলে এৰি যাই।
এৰিয়া পলোৱা সোক, কিহেলো খেদে তোমাক,
নাৰীক ডৰিবে শঙ্কা নাই॥ ৩৮৪॥
ফিৰি আহি দেৱ হৰি, কাতৰ কৰন্ত ধৰি,
প্ৰাণেশ্বৰী এৰিয়োক ৰোষ।
তোমাৰ চৰণ সিদ্ধি, শিৱৰ ভূষণ নিধি,
ধৰি যাঁও হয়োক সন্তোষ॥ ৩৮৫॥
প্ৰাণেশ্বৰী জুৰ হয়ো, অমৃত নয়নে চায়ো,
কৰ জোৰে কহো বাৰম্বাৰ।
ভকত বৎসল হৰি, দেখাইলন্ত লীলা কৰি
কামাতুৰ জনৰ নিকাৰ॥ ৩৮৬॥
শুনিয়োক সভাসদ, গীত গোবিন্দৰ পদ,
শ্ৰবণত ভুকুতি মুকুতি।
যিতো জনে এক মনে, ৰাম কৃষ্ণ বোলে ঘনে
হৈবে তাৰ পদ বৈকুণ্ঠত স্থিতি॥ ৩৮৭॥