পৃষ্ঠা:গীতগোবিন্দ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭১ ]

সবাৰে ঈশ্বৰ কৃষ্ণ জগতৰে স্বামী।
কত পুণ্য বলে পাই আছো তুমি আমি॥
তাহাতক ভজিলে আন দান পুণ্য লাগে।
ধিক ধিক ইতাে কথা শুনিতে নালাগে॥ ৩৩০ ॥
ৰত্নাৱলী বােলে সখি শুনিয়ো উত্তৰ।
বাধিকাত কৰি আন আছে কোন বৰ॥
চৰাচৰ উৎপত্তি ব্ৰহ্মাও যাঁৰ কাম।
তিনি গুণ ময় যে প্রকৃতি যাঁৰ নাম॥ ৩৩১ ॥
সত্ব গুণে দেৱ ৰজ তম গুণে নৰ।
উত্তম অধম গুণে যত চৰাচৰ॥
অন্তকালে জগতক উদৰত কৰি।
থাকন্ত আপনি নিজ সৃষ্টিক সংহৰি॥ ৩৩২ ॥
অনাদি গােপিনী দেবী চৰাচৰ বশ্য।
ইন্দ্র আদি দিগ পাল ব্ৰহ্মাৰ নমস্য॥
এতেকে গুনিয়া দেখা এন্তে কোন বৰ।
হেন শুনি সুকণ্ঠীয়ে দিলন্ত উত্তৰ॥ ৩৩৩ ॥
তােৰ দেবী গুণে তিনি ভুবন ঈশ্বৰ।
তান আজ্ঞা পালি সৃজে যত চৰাচৰ॥
প্রলয়ত বিশ্বখান যাহাঁৰ অধীন।
অল্পে সে অন্তৰ মাধৱত যায় লীন॥ ৩৩৪ ॥