পৃষ্ঠা:গীতগোবিন্দ.pdf/৭৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭২ ]

যি জন সকামী প্রকৃতিৰ গুণময়।
নিস্কামী সে ভগৱত ধৰ্ম্মক জানয়॥
আশা সমুদ্রত মগ্ন প্ৰকৃতিৰ গুণে।
সি জনে কৃষ্ণৰ সেবা জানিব কেমনে॥ ৩৩৫ ॥
তৃণ সম কৰি তেজে ইন্দ্ৰৰ সম্পত্তি।
যি জনৰ কৃষ্ণত একান্ত ভৈলা মতি॥
কৃষ্ণৰ চৰণে যদি নকৰে নিশ্চয়।
নিজ থানে ব্ৰহ্মাৰ নুগুছে কাল ভয়॥ ৩৩৬ ॥
ৰত্নাৱলী জানা সখী নাই কিছো ভিন।
প্রকৃতি পুরুষ দুয়োৰো জগত অধীন॥
তেঁও বিদ্যা শক্তি এঁও ভগৱন্ত সাৰ।
মহাযােগী গণে যাক কৰিছে বিচাৰ॥ ৩৩৭ ॥
কৃষ্ণেসে ঈশ্বৰ এঁও জগৎ ঈশ্বৰী।
অকাৰণে দুয়াে সখী মৰো দন্দ কৰি৷৷
হেন শুনি কৃষ্ণৰ মনত ভৈলা সাস।
লাহে লাহে চলি গৈলা ৰাধিকাৰ পাশ॥ ৩৩৮ ॥
কতো দূৰ যান্তে আনন্দৰ পৰি নাই।
ৰত্নাৱলী বাট ভেণ্টি ৰাখিলা দুনাই॥
কলৈ যােৱা প্রভো তুমি কহিয়ো আমাত।
গেপিনী আলাপ চিহ্ন সকলে গাৱত॥ ৩৩৯ ॥