পৃষ্ঠা:গীতগোবিন্দ.pdf/৭৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭০ ]

সতিনীৰ দোষ এৰি জানি হিত সাৰ।
আগ বাঢ়ি কৃষ্ণক কৰিলা নমস্কাৰ॥
মাধৱেও সাদৰে তুলিলা দুয়াে হাতে।
পৰম আনন্দে আতি ভৈলা জগন্নাথে॥ ৩২৫ ॥
ৰত্নাৱলী দুতীক সাদৰি ৰাধা ৰায়।
পুষ্পৰ গৃহত ৰাধ প্রবেশিলা যায়॥
ঐকে আহা বুলি ৰাধা মাতিলা সাদৰি।
হেন শুনি মহা ৰঙ্গে চলিনন্ত হৰি॥ ৩২৬ ॥
হেন দেখি ৰত্নাৱলী পথ ঢাকি বােলে।
তুমি চলি যাৱা প্ৰভাে ৰাধিকাৰ কোলে॥
জগত ঈশ্বৰী ৰাধা ভগৱতী আই।
তান সঙ্গ পাইবা দান পুণ্য কিছু নাই॥ ৩২৭ ॥
প্রকৃতি গােশানী এহোঁ জানা সত্য বাক।
তান পাশে নিবো তেবে কিদিবা আমাক॥
হেন শুনি সংকুচি ৰহিলা নাৰায়ণে।
সুকণ্ঠীৰ মুখক চাহন্ত ঘনে ঘনে॥ ৩২৮ ॥
বিঘ্নিত বিঘিনি মিলে অনৰ্থৰ মূল।
হেন শুনি সুকণ্ঠী বদতি অনুকুল॥
সুকণ্ঠী বেলান্ত শুনা ৰত্নাৱলী সখি।
হাঁসি উঠে তোমাৰ এনুৱা কৰ্ম্ম দেখি॥ ৩২৯ ॥