পৃষ্ঠা:গীতগোবিন্দ.pdf/৭৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৯ ]

শুনা ৰাধা অসন্তোষ কৰা অকাৰণে।
কৃষ্ণক এৰিছা সতিনীৰ দোষে কেনে॥
ধৃতি পুষ্টি আদি কৰি মহা বিদ্যাগণ।
কৃষ্ণক ভজিছে সৱে এৰি আন মন॥ ৩২০ ॥
যজ্ঞ ব্রত তপ কল তিয়াগি ভজিলা।
তাসম্বায়ো সতিনীৰ দোষ নাজানিলা॥
ত্রিভুৱন মাতা লক্ষ্মী সমুদ্র দুহিতৃ।
দেৱাসুৰ গণে বাঞ্চিলেক চতুর্ভিতি॥ ৩২১ ॥
সবাক তেজিয়া আসি হৰিক ভজিলা।
তেঁহো কিবা সতিনীৰ দোষ না জানিলা॥
মহারূপৱৰ্তী অতি সৰস্বতী মায়।
বাক্য রূপে থাকে জগতকে প্ৰবৰ্ত্তায়॥ ৩২২ ॥
ত্রিভূবনে বৰ বাচি কৃষ্ণক ভজিলা।
তেঁহো কিবা সতিনীৰ দোষ না জানিলা॥
দেখা কেনে ভাৱে সঙ্গি গােপ কন্যা যত।
মাধৱক ভজি পুৰিলেক মনােৰথ॥ ৩২৩ ॥
তুমি মাত্ৰ কিবা কার্য্যে পাৱা বহু কষ্ট।
অকাৰণে আপোন আনন্দ কৰা নষ্ট॥
শুকণ্ঠীৰ বাক্য শুনি, আনন্দ অপাৰ।
তেতিক্ষণে মিলিলেক সুজন ৰাধাৰ॥ ৩২৪ ॥