পৃষ্ঠা:গীতগোবিন্দ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫০ ]
 

ইতো কথা বৰ অদ্ভুত,  লােকত বৈলাশ অযুগুত,
 তুমি লাজ ভৈলে আমি ৰহো কোন ঠাই।
বৰৰ জিবাৰি যেন স্মৰি,  পৰম কঠিন দেৱ হৰি,
 তান পাশে তুমি যাচি যাবা কেন কৰি॥ ২২৭ ॥
বন্ধুৰ পৰীক্ষা পাই ভালে,  জলৰ প্ৰমাণ পদ্মনালে,
 যদি ইচ্ছা আছে আপুনি নাশিলা কেনে।
এৰি ঘৰ পতি পুত্র গণ,  বন অৰণ্যৰ পশু যেন,
 তথাপি আমাক স্নেহ নাই তান মনে॥ ২২৮ ॥
ৰত্নাৱলী কথা শুনি ৰাই,  আসনে বসিলা ফিৰি যাই,
 শুকণ্ঠীক বোলে কৃষ্ণক ইঠাৱক আন।
ৰাম সৰস্বতী বোলে সাৰ,  বিৰহ শুনিয়ো ৰাধিকাৰ,
 এবেসে জানিলোঁ হৰি আইবা ইতো থান॥ ২২৯ ॥

 

ঝমুরি।

 

সুকণ্ঠী বোলন্ত সাৰ।
মুখ চায়া ৰাধিকাৰ॥
আপােনাৰ কৰ্ম্ম নষ্ট।
পাছে ন কৰিবা কষ্ট॥ ২৩০ ॥