পৃষ্ঠা:গীতগোবিন্দ.pdf/৫৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫১ ]

চলিয়ো কৃষ্ণৰ পাশ।
মদনে পুৰিয়ো আশ॥
বৈকুণ্ঠতোধিক মুখ।
দেখিবা কৃষ্ণৰ মুখ॥ ২৩১ ॥
কোলাত বৈশাইব হৰি।
বদনে চুম্বন কৰি॥
যমুনাৰ তীৰে হৰি।
বসি আছে আশা কৰি॥ ২৩২ ॥
মন আলাপত তাতে।
বংশিতে সংকেতে মাতে॥
অকালে আচন্ত তথা।
শুনিয়োক মোৰ কথা॥ ২৩৩ ॥
তযু নাম গাৱে গীত।
ধৰিতে না পাৰে চিত॥
নিশাচৰ পক্ষীচৰে।
তাতে তরুবন লৰে॥ ২৩৪ ॥
বিচাৰন্ত যদুৰাই।
বনৰ ছয়োঁক চাই॥
বিছাৰি নাপায়া পাছে।
থাকন্ত পথৰ কাছে॥ ২৩৫ ॥