স্তুতিকৰে যাকব্ৰহ্মাদেৱে, আলিঙ্গি ধৰিবে মোৰ গাৱে,
তেবে গুছে ইতো মোৰ কামশৰ জুই।
বোলে দেৱগণে জানাসাৰ, নাৰীরূপে ক্ষেত্ৰী অৱতাৰ,
যুদ্ধক প্ৰবন্ধে মাধৱক খেদি যাই॥ ২২২ ॥
বোলে বাক অন্যদেৱগণে, কৃষ্ণক শুমৰি ৰঙ্গমনে,
ঘোৰ গদা ধৰি ৰণক চলিলা ৰাই।
সাবাকে এৰি কৃতাঞ্জলিকৰি, কাৰ্য্যক দেখিলোঁ নেত্ৰভৰি,
আজিৰ যুদ্ধত হাৰিব জানো কানাই॥ ২২৩ ॥
বস্ত্ৰক কবচে বোলে তাত , কবচ উপৰে কণ্টা যত,
ঘোৰ যুদ্ধে বিন্ধি মুৰ্চ্ছিত ক্ষেত্ৰিয়গণ।
ৰাধাৰ হৃদয় স্তন দুই, লোহাৰ কণ্টক সম হুই,
তার বিষে কৃষ্ণ হুইবে আজি অচেতন॥ ২২৪ ॥
যেবে ৰণ জিনো দামোদৰ, তেবে ৰঙ্গ হৈবে পুরুষৰ,
ৰাধাৰ জয়ত কৌতুক নাৰী সবাৰ।
এহি বোলি বুলি দেৱগণে, কৃষ্ণৰ জয়ক সাধে মনে,
সাধে দেৱ নাৰীগণে জয়ক ৰাধাৰ॥ ২২৫ ॥
কৰ্পূৰ তাম্বুল তুলি ধৰি, সুবৰ্ণ সফুৰা ভৰি পুৰি,
ৰত্নাৱলী উঠি ত্বৰিতে দিলা গোচৰ,
শুনিয়ো বচন ৰাধাৰাই, যাচি গৈলে পুনু মান্য নাই,
নাৰী কোন আন পুরুষক খেদি যাই॥ ২২৬ ॥
ঙ