পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪২ ]

গোপিনী আলাপ চিহ্ন দেখি সৰ্ব্ব গাৱে।
পুন ৰোষ পাতিলা ৰাধিকা ক্ৰোধ ভাৱে॥
মোক এৰি আনক ভজিলা নাৰায়ণে।
পিঠি দিয়া ৰোষ পাতি গুণে মনে মনে॥ ১৮৮ ॥
কাতৰ কৰাইবো মই দান্তে তৃণ ধৰি।
তেবে সে সাম্ফল মই গোৱাল ঝিৱাৰী॥
পুনৰপি ৰাধিকা গুণয় মনে মনে।
খানিতেকে কতেৰ কৰিবে নাৰায়ণে॥ ১৮৯ ॥
ভাৱনা সে কৰন্তস্বরূপ কিছো নাই।
বিলাপ কৰন্ত শোকে বিমুৰ্চ্চিত হুই॥
মাধৱে বোলন্ত ৰত্নাৱলী বৰ নাৰী।
কোন থানে আচয় ৰাধিকা প্ৰণেশ্বৰী॥ ১৯০ ॥
কৰযোৰে বোলো হেৰা কথা শুনিয়োক।
ৰাধিকাক দেখাই দিলে প্ৰাণ দিয়া মোক॥
ৰত্নাৱলী বোলে কৃষ্ণ শুনা মোৰ বাক।
ৰাধিকাক দিলে প্ৰভু কি দিবা আমাক॥ ১৯১ ॥
মাধৱে বোলন্ত শুনিয়োক প্ৰাণেশ্বৰী।
জগতৰ সম্পত্তি মিলোক আজি ধৰি॥
দেৱাসুৰ নাগ যক্ষ গন্ধৰ্ব্ব মনুষ্য।
আজি ধৰি সকলে তোমাৰ হৌক বশ্য॥ ১৯২ ॥