পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৩ ]

ৰত্নাৱলী বোলে প্ৰভো নলাগয় আক।
ৰাধাৰ সেৱাত মই সবে পাইবো তাক॥
মাধৱে বোলন্ত তেবে, লৈয়োক মুকুতি।
ব্ৰহ্মা হৰ পুৰন্দৰে বাঞ্চে দিনে ৰাতি॥ ১৯৩ ॥
যি কাৰণে ব্ৰহ্মা হৰে কৰন্ত সেৱলি।
তাহাকো ন লাগে বুলিলন্ত ৰত্নাৱলী॥
তোমাৰ চৰণ যিতো কৰিয়াছোঁ সাৰ।
তাতো কৰি অধিক মুকুতি কোন চাৰ॥ ১৯৪ ॥
মাধৱে, বোলন্ত তুমি মনে কৰি সাৰ।
যিব ধন লাগে তুমি খুজিয়ো আমাৰ॥
ৰত্নাৱলী বোলে গোপীকাৰ প্ৰাণবৈৰী।
নাহি ধন তোমাৰ মোহন বংশি সৰি॥ ১৯৫ ॥
আন কিছো নাই ধন নামাগো তোমাৰ।
বংশি দান দিয়া প্ৰাণ চোৰ গোপীকাৰ॥
তুমি বংশি বায়া যি বেলাত মনোহৰ।
বিৰহত পুৰিমৰো গোপী নিৰন্তৰ॥ ১৯৬ ॥
সেই বংশি আমিসবে বজাইবোহুঁ সুখে।
তেবেসে জানিবা বিৰহৰ যত দুঃখে॥
মাধৱে বোলন্ত কহা উপহাস এৰি।
বংশি বড় কোন ধন আপনাত কৰি॥ ১৯৭ ॥