পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪১ ]

নানা ভাৱ ৰাধিকা কৰয় যত যত।
দিন বঞ্চিবাক হেতু বিৰহ কালত॥
বিৰহিণী কন্যা সবে বিৰহৰ থানে।
চিত্ৰ কৰ্ম্ম কৰি তেৰে পতিয়াৱে মনে॥ ১৮৩ ॥
তোমাক না পাই ৰাধা বিৰহ অনলে।
কাম দেৱ লিখিলন্ত চৰণৰ তলে॥
কতো বিৰহিণীয়ে দেৱক পূজা কৰি।
কতো গীত গাৱন্ত শ্যামীক মনে ধৰি॥ ১৮৪ ॥
শুক সাৰী পঢ়াৱয় পলিটাৱে মন।
এহি মতে কাল বঞ্চে বিৰহিণীজন॥
তাৰ বিৰহে ৰাধা চিত বিষাকুল।
এতেকে কৰত কাল বঞ্চিবাৰ ছল॥ ১৮৫ ॥
তাতে আরু কথা আছে নকহিতে মন।
নকহিলে মহন্তৰ আজ্ঞা হোৱে চন॥
সি কাৰণে বোলো সেবে শুনা কথা সাৰ।
তোমাক না পাই ৰাধা বাতুল আকাৰ॥ ১৮৬ ॥
প্ৰতি প্ৰতি ৰাধিকা বোলন্ত ঘনে ঘনে।
চৰণত পবো দোষ ক্ষেমা নাৰায়ণে॥
ধ্যান কৰি ৰাধিকায়ে হৃদয়ত পাই।
চৰণত পৰিয়া কান্দিলা ৰাধা ৰাই॥ ১৮৭ ॥