পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৭ ]

সাধু দেখি লোকে যেন কৰয় বিশ্বাস।
সৰ্ব্বস্বক কাঢ়ি লই কৰে সৰ্ব্বনাশ॥
সেই মতে তুমিয়ো কৰিলা টেণ্ট নালি।
যাতো আমি নাৰীগণ অবোধ গোৱালী॥ ১৬৩ ॥
আন কিবা এত মান কৰিবে শকত।
এবে শুনা ৰাধাৰ আৱৰ কথা যত॥
মৰণক আশা কৰি ভীষ্ম বীৰবৰ।
যেন শৰ শয্যাত শুতিছে নিৰন্তৰ॥ ১৬৪ ॥
সেই মতে ৰাধা পুষ্প শৰশয্যাত পায়।
ব্ৰত ধৰি তোমাক আচন্ত বাট চায়॥
বুলিবা পুষ্পৰ শয্যা পৰম কোমল।
তাক শৰশয্যা বোলে গেপিকা-সকল॥ 1৬৫ ॥
ব্ৰত ধৰি যিতো জনে আছে মৰিবাক।
শৰৰ শয্যাত কিনো পীড়া কৰে তাক॥
প্ৰিয়াৰ বিয়োগ যিতো পুষ্পশয্যাময়।
তাক কিনো সুখ বুলি প্ৰাণৰ সংশয়॥ ১৬৬ ॥
তোমাক নাপাই ৰাধা ক্ৰন্দন কৰন্ত।
দুই চক্ষু ধাৰা সাৰে লোতক বহন্ত॥
দেৱগণে আসি বিমানত থাকি বোলে।
ৰাধিকাৰ মুখ গোট পদ্ম সম জ্বলে॥ ১৬৭ ॥