পৃষ্ঠা:গীতগোবিন্দ.pdf/৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৬ ]

কামদেৱে শৰ প্ৰহাৰন্ত যেই কাতি।
ৰাধিকা তোমাক ৰাখে পদ্মপত্ৰ পাতি॥
পদ্ম পত্ৰ বারু ভৈলা কবচ বসনে।
পাৰি হুইয়া তোমাক ৰাখিলা ঘোৰবনে॥ ১৫৮ ॥
মাধৱে বোলন্ত কথা অদভুত বৰ।
হৃদয়ত লুকাইবাক পাৰে কোন নৰ॥
হৃদয়ত আছো মই অন্তৰ্য্যামী হৰি।
সমৰত মোক লুকাইবেক কেন কৰি॥ ১৫৯ ॥
নিৰাকাৰ রূপে যিতো আছো দামোদৰ।
তান গাৱে কেন মতে পৰে কামশৰ॥
পদ্মপত্ৰে বারু পাতি ৰাখয়ে কেমনে।
নাহিকে আজলি নাৰী ৰাধাৰ সমানে॥ ১৬০ ॥
শুনিয়োক ৰত্নাৱলী তুমি মোৰ মিত্ৰ।
অমৃতৰ সমস্বাদ ভক্তৰ চৰিত্ৰ॥
তোমাৰ আগত মই কহো মিষ্ট বাক।
ৰাধিকাৰ কথা কহি জীয়াইলা আমাক॥ ১৬১ ॥
ৰত্নাৱলী বোলে কথা শুনা মন কৰি।
ৰাধাক চলিলা তুমি টেন্টনালী কৰি॥
সহজে চঞ্চলী নাৰী হৃদয়কোমলী।
তাক কি কুশলে ৰাখে দুষ্টকামে পালি॥ ১৬২ ॥