পৃষ্ঠা:গীতগোবিন্দ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৮ ]
 

অযুতেক পুত্ৰ যাৰ শুনিয়ো শ্ৰবণে।
হৰিৰ আসল ক্ৰীড়া দেখা বিদ্যমানে॥
দুই চক্ষু বোলে তাৰা মেঘ দুই খান।
ক্ৰদনক বৃষ্টি তাৰা বোলে বিদ্যমান॥ ১৬৮ ॥
কেহো বোলে পদ্ম নুহি চাই ভাল কৰি।
পূৰ্ণচন্দ্ৰ গোট যেন আছে মায়া ধৰি॥
যাৰ ৰশ্মি প্ৰকাশ কৰয় দিশ পাশ।
লুকাই আচন্ত আমাত এৰি আশ॥ ১৬৯ ॥
দক্ষৰ সাপত হেন আন গতি ভৈলা।
ৰাত্তল দন্তক বোলে ৰাহু লাগলৈলা॥
দুই ওঠ চিপিলা দশন আৰ কৰি।
দেবে বোলে চন্দ্ৰেসে ৰাহুক আছে ধৰি॥ ১৭০ ॥
শুনি আছো ৰাহুৰ বিক্ৰম ঠাই ঠাই।
পৰ্ব্বে পৰ্ব্বে চন্দ্ৰক গিলন্ত লাগ পাই॥
আজি দেখো চন্দ্ৰেশে ৰাহুক গিলি থৈলা।
অদভুত উপমা ৰাধাৰ পাশ ভৈলা॥ ১৭১ ॥
সেই বেলা ৰাধিকা গুনন্ত মনে মনে।
কামদেৱক স্মৰিলন্ত তোমাৰ নিদানে॥
কামদেৱ চৰণে কাতৰ কৰে ধৰি।
তেহে আনিবাক পাৰে মাধৱক হৰি॥ ১৭২ ॥