পৃষ্ঠা:গীতগোবিন্দ.pdf/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৫ ]

মলয়া চন্দন বনে সৰ্পৰ নিলয়।
তাহাতে লাগিয়া ইতো বতাস আসয়॥
সৰ্প বিষ বহ্নি বায়ু উরুয়াই আনে।
সেই জুয়ে গাৱ পোৰে নথাকায় জ্ঞানে॥ ১৫৩ ॥
শীতল চন্ধনে পুনু গাৱ নুজুৰায়।
চন্দ্ৰ ৰশ্মি লাগি কিবা পোৰে সৰ্ব্বকায়॥
সেহি বেলা কামদেৱে জুৰিলেক শৰ।
দেখি ৰাধা দেবীয়ো আকুল ভৈলা বৰ॥ ১৫৪ ॥
নাৰীক পুরুষ মাৰে এহি আতি শোক।
কোন থানে পশিবো ৰাখিবে কোনে মোক॥
এহি বুলি তোমাক ৰাধা হৃদয়ত পাই।
মদন শৰক ভয়ে থাকন্ত লুকাই॥ ১৫৫ ॥
কামদেৱে যত শৰ মাৰে ঝাকে ঝাক।
তেমাৰ শৰীৰে পৰি নপাৱে ৰাধাক॥
যত শৰ তোমাৰ পৰিছে ঠায়ে ঠায়ে।
জানি শুনি আপুনি প্ৰমাণ পাৱা গায়ে॥ ১৫৬ ॥
অনন্তৰে ৰাধিকা মনত সাৰ কৰি।
কামদেৱ শবে বৰ দুখ পান্ত হৰি॥
হৃদয়ত আশা তুমি ৰাখিবাক মনে।
কবচ সদৃশ ঢাকি থৈলন্ত বসনে॥ ১৫৭ ॥