পৃষ্ঠা:গীতগোবিন্দ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৪ ]

তুমি যেন নিদারুণ জগততে সাৰ।
ই দোষ তোমাৰ নাই ঘাটী ৰাধিকাৰ॥
মিছা তেসে মৰে সখী কৰি অসন্তোষ।
মনে শুনি চাহিলে ৰাধাৰ নাই দোষ॥ ১৪৮ ॥
স্ত্ৰীজাতী অল্পমতি যদ্যপি নাগৰ।
স্বভাৱত ব্যাঘ্ৰমুখ দেখি হৰিণৰ॥
মুখ দেখি হৰিণ সকলে মোহ যাই।
বাঘৰ আকাৰ গাৱে ধৰি ধৰি খাই॥ ১৪৯ ॥
মাধৱে বোলন্ত শুনিয়োক ৰত্নাৱলী।
কোন স্বৰ্গ পাইবি তই মৰাক মাৰিলি॥
এক তাল চেৱে চেৱে নাচে পদ্মাৱতী।
কৰ্ণাট রাগত জয়দেৱে নিগদতি॥ ১৫০ ॥
নীলবৰ্ণ পুরুষৰ মন্দিলা হাতত।
চাৰি হস্তিদন্ত জলে দক্ষিণ কৰ্ণত॥
স্তুতি কৰে দেৱতা অসুৰ গণে মিলি।
ই সব লক্ষণে কৰ্ণাট ৰাগ বুলি॥ ১৫১ ॥
ৰত্নাবলী কৃষ্ণত ৰাধাৰ কথা কহে।
পৰম বিকল ৰাধা তোমাৰ বিৰহে॥
বিৰহত গাৱ পোৰে নজানয় তাক।
বতাসক ভৰ্চ্চিয়া নিন্দিয়া বোলে বাক॥ ১৫২ ॥