পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৩ ]

তথাপিতো কামদেৱ শৰ মাৰে দেখি ।
ক্রোধে বাক্য বুলিলন্ত কটাক্ষে নিৰখি॥
শুনা কামদেৱ তােক কিচো নাই ডৰ।
কি কৰিবে পাৰশ-পুষ্পৰ ধনু-শৰ॥ ১৪৩ ॥
হৃদয়ত লাগি ৰাধিকাৰ দৃষ্টিবাণ।
সকল শৰীৰ পােৰে হয় খান খান॥
যিতো সহিলেক ৰাধিকাৰ দৃষ্টি শৰ।
তাত কৰি তোৰ বাণ কত মান বৰ ৷৷ ১৪৪ ॥
এহি বুলি মাধৱে কৰন্ত শােক যথা।
ৰাধিকাৰ দূত আসি মিলিলেক তথা॥
গলত পিন্ধিয়া পুষ্প মালতিৰ হাৰ।
মাধৱৰ পাৱত কৰিলা নমস্কাৰ॥ ১৪৫ ॥
মাধৱে দেখন্ত ৰাধিকাৰ প্রাণসখী।
বার্ত্তা পুচিলন্ত কৃষ্ণে সলোতক আখি॥
বহিয়ােক ৰত্নাৱলী শুনু একে মনে।
প্রাণপ্রিয়া ৰাধিকা আচন্ত কোন বনে॥ ১৪৬ ॥
হেন শুনি ৰত্নাৱলী দিলন্ত উত্তৰ।
ৰাধিকাক তুমি সুখী কৰি আছা বৰ॥
তুমি যেন কৰি আছা সত্ৰুকো ন কৰি।
তজু আশা কৰিয়া জীৱন্তে আছে মৰি॥ ১৪৭ ॥