পৃষ্ঠা:গীতগোবিন্দ.pdf/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩২ ]

নুহিকে ভাঙ্গুৰা তথাপিতো হেন কথা।
ৰাধাৰ বিৰহে মোৰ হেনয় অৱস্থা॥
তজু প্ৰাণ বৈৰি যিতো গৌৰীপতি হব।
অকাৰণে মোক প্ৰতি ন কৰিবা শৰ॥ ১৩৮॥
এহি বুলি পৰিচয় দিলা নাৰায়ণ।
কামদেৱ তথাপিতো নেৰিলন্ত বাণ॥
হেন দেখি মনত গুণন্ত দামোদৰে।
আপদত পৰিলে দুৰ্জ্জনে হেন কৰে॥ ১৩৯॥
দুৰ্জ্জনক বড় কৰি তৰিবে দুৰ্গতি।
হেন জানা ন্যায় পথ শাস্ত্ৰৰ সন্মতি॥
এহি বুলি স্থিৰ কৰি আপোনাৰ মন।
কামক সম্বোধি বুলিলা চারুবচন॥ ১৪০॥
শুনা কামদেৱ তুমি নকৰা সন্ধান।
বচনেক বোলো তাৰ শুনিয়ো নিদান॥
জগতৰ পতি তুমি অদ্ভুত বৰ।
ইঙ্গিতে জানিলো তুমি যত চৰাচৰ॥ ১৪১॥
সুৰতে মোহিত সবে বিক্ৰমে তোমাৰ।
মৰাক মাৰিলে কত ফল আছে তাৰ॥
আমাক মাৰিলে যশ পাইয়া কত মান।
না টানিবা ধনু না মাৰিবা পুষ্পবাণ॥ ১৪২॥