পৃষ্ঠা:গীতগোবিন্দ.pdf/২৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৯]

ৰোষ কৰি নিকুঞ্জ বনৰ আৰ ভৈলা।
সখীক সম্বোধি কথা কহিবাক লৈলা॥
জয়দেৱে গাৱে গীত মধ্যমান ধরি।
ৰাগৰ মালিতা শুনিয়োক ৰাম গিৰি॥ ৭৩॥
নিতম্বিনী দিব্য কন্যা সোনাৰ বৰণ।
পৰিধান অলঙ্কাৰ দেবাঙ্গবসন॥
নীলবস্ত্ৰ পিন্ধি আতি প্ৰকাশে সুন্দৰী।
স্বামী যাচিবাক যাইলা চৰণত ধৰি॥ ৭৪॥
যৌবনৰ ভৰে কন্যা কাকো নেদেখয়।
মোৰ স্বামী হুইবে কোন পুরুষ আচয়॥
রূপৰ দৰ্পত কন্যা নাচাৰয় ফিৰি।
ইসব লক্ষ্মণ ৰাগ বোলি ৰামগিৰি॥ ৭৫॥
কৃষ্ণ বিৰহে ৰাধিকাৰ বৰ দুখ।
ৰত্নাবলী সখীক বুলিলা চাহি মুখ।
ৰত্নাবলী বোলে সখী নকৰিবা ৰোষ।
কৃষ্ণক চাহন্তে সতিনীত নাই দোষ॥ ৭৬॥
ব্ৰহ্মাদিৰো দুৰ্ল্লভ ইহেন দেহাপায়।
কৃষ্ণৰ রূপত ত্ৰিভুবন-মোহ যায়॥
ইহেন শৰীৰ পায় হুয়োক সন্তোষ।
দূৰতে তেজিয়ো সখী সতিনীৰ দোষ॥ ৭৭॥