পৃষ্ঠা:গীতগোবিন্দ.pdf/২৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২০ ]

দুৰ্ব্বাদল শ্যাম তনু চন্দনে লেপিত।
পীতবস্ত্ৰ বনমালা আপাদ লম্বিত॥
ক্ৰীড়াত চলন্তে লৰে দিব্য মণিগণ।
মকৰ কুণ্ডল গণ্ডস্থলে বিতোপন॥ ৭৮ ॥
মনক হৰন্ত গোপবধূ সমস্তৰ।
মুখত প্ৰকাশে আতি হাসি মনোহৰ॥
দেখা তা সম্বাৰ সতিনীৰ ৰিষা এৰি।
পঞ্চম উৎসাহে গাৱে মাধৱক বেৰি॥ ৭৯ ॥
পুষ্পতলে বহে অতি নৃত্যত ভাগৰি।
অলিঙ্গিয়া কৃষ্ণক জিৰাৱে কণ্ঠে ধৰি॥
মদনে পীড়িত কতো বাতুল আকাৰ।
আগবাঢ়ি যাচি মাঙ্গে ষোড়শ শৃঙ্গাৰ॥ ৮০ ॥
দেখা দেখা হেৰ সখী কতো গোপিনীৰ।
কৃষ্ণ মুখ চুম্বিতে নয়নে বহে নীৱ॥
কামভাৱে ভজন্ত মাধৱে কতো নাৰী।
জন্মে জন্মে হইবে প্ৰভো তোমাৰ কিঙ্কৰী॥ ৮১ ॥
কতো গোপী মাধৱক নমিবাক চলে।
চৰণত স্তন দিয়া মহাকাম ভোলে॥
দেখা যমুনাৰ-কুঞ্জে মনোহৰ বনে।
কৃষ্ণৰ বস্ত্ৰক কাঢ়ি লৈলা গেপীগণে॥ ৮২ ॥