পৃষ্ঠা:গীতগোবিন্দ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামিনীৰ কামভাৱ দেখি নিৰন্তৰ।
যেন লাজে অধোমুখ সজ্জন লোকৰ॥
লাজে অধোমুখ ভৈলা মহাজন প্ৰায়।
কামভাৱে কামিনীৰ জৰ্জ্জৰিত কায়॥ ৬৮॥
সহজে ফুলিলে পুষ্প পৰে হালি হালি।
তাহাকে বসন্ত বোলে সমস্ত গোৱালী॥
কেতকীপুষ্পয় যেন হই কামশৰ।
বিদাৰিলা হিয়া যেন বিৰহিজনৰ॥ ৬৯॥
মাধবী মল্লিকা গন্ধে মণ্ডিত হৃদয়।
মুণিগণ মোহ যায় নাৰীক স্মৰয়॥
লতা ভৈলা নাৰী বৃক্ষ পুরুষৰ সঙ্গে।
ধ্যান এৰি মুনি সকলৰ মন ভঙ্গে॥ ৭০॥
যেন কামাতুৰ নাৰী পুরুষৰ কোলে।
লতা সবে বৃক্ষক ধৰিছে কাম ভোলে॥
বৃক্ষৰ সঙ্গমে যেন লতা সব সুখী।
কৃষ্ণৰ সঙ্গমে ধন্য নাৰী চন্দ্ৰমুখী॥ ৭১॥
এহেন প্ৰকাৰে উৎসব মধু বনৰ।
সেই বেলা ৰাসক্ৰীড়া গোপী মাধৱৰ॥
অনেক সতিনী দেখি মাধৱৰ ঠায়।
সখী সমে অন্তৰিয়া গৈলা ৰাধাৰায়॥ ৭২॥