পৃষ্ঠা:গীতগোবিন্দ.pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৭)

ৰাধাত বসন্তু লাগি কৰে কৃষ্ণ ৰাৱ।
বস্তু ৰাগৰ শুনা এমত প্ৰভাৱ।।
কৃষ্ণৰ গীতক জয়দেবে নিগদতি।
ৰূপক তালৰ চেৱে নাছে পদ্মাবতী। ৬৩।।
নৃত্য আৰম্ভিলা কৃষ্ণে জয়তি সহিতে ।
বিৰহীগণৰ প্ৰাণ মনােহৰ গীতে।।
যিঠাই গায়ক ভৈলা ভ্ৰমৰাৰ গান ।
পুষ্পমধু পানহেতু ব্যাকুল পৰাণ।। ৬৪।।
বকুল পুষ্পৰ বন ঢাকি একাকাৰ।
নাচন্ত মাধৱে প্রিয় সাধি গোপিকাৰ।।
যাৰ গীতে প্রবাসীজনৰ ভাৰ্য্যাচয়।।
মদনে পিড়ীত হৈয়া কন্দল কয়।। ৬৫।।
ফুলিছে পলাশ পুষ্প ফুলিছে মন্দাৰ।
ফুলিছে বকুল মূকুলিছে আম্র ঝাড়।।
ডাকিছে কোকিল কন্দর্পৰ বাণ প্রায়।
যুবতীৰ হিয়া যেন বিদৰিয়া যায় ।। ৬৬।।
কামদেব নৃপতি আপনি বিদ্যমান ।
যুবতিৰ বন্ধহেতু জুৰিলন্ত বাণ ।
চম্পক পুষ্পত পৰে ভ্ৰমৰা সকলে।
পুরুষ বসিছে যেন কামিনীৰ কোলে।।৬৭ ।।