পৃষ্ঠা:গীতগোবিন্দ.pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

তাসম্বক স্নেহে কৃষ্ণে বুলিলন্ত বাক। পৰিহস কৰিলােহে। নুবুঝিলা তাক । এহি বুলি বসন্ত প্রকাশ দিব্য বনে। গগাপিনী সহিতে হৰি পশিলা তেখনে। ৫ বসন্ত ৰাগৰ শুনা ইমত লক্ষণ। প্রমত্ত পুরুষ গােটা দেখিতে শােভন। ময়ূৰৰ পুচ্ছে চূড়া বান্ধি মনােৰ । পৰিধান বস্ত্র বৃক্ষপৰ পত্ৰৰ।। ৫৯ । সুন্দৰ সুবেশমূৰ্ত্তি গতি মনােম। ইসব লক্ষণে ৰাগ বসন্ত উত্তম। বসন্তেৰ সমে ষড়ঋতুৰ আলাদ। যুবা বৃদ্ধগণৰ মনত উনমাদ | ৬ । বসন্তত কোকিলে সঘনে কাঢ়ে ৰাৱ। যুবতৰ বসন্তে নিচিনে বাপ মা । নদীত বসন্ত লাগি যােৱাৰিলা পানি। মৎস্যত বসন্ত লাগি ধৰিলা উজানি ॥ ৬১} সদাগৰে নাজানে নাৱৰ উজান ভাটি । বৃদ্ধত বসন্ত লাগি হাতে ধৰে লাঠি । মেৰাত বসন্তু লাগি ধৰিলা পেখান। যােগীত বসন্ত লাগি ভঙ্গ তৈলা ধ্যান । ৬২