পৃষ্ঠা:গীতগোবিন্দ.pdf/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫ ]

লোত কৰ ছেদ নাই বসিলা মাটিত।
অধোমুখে চৰণে লেখয় পৃথিৱীত।।
কুচৰ কুঙ্কুম লোটে বহয় লোতক।
সবে গোপী আলচি বুলিলা মাধৱক।। ৫৩।।
তোমাৰ চৰণ সেৱা কৰিবাৰ আশে।
কোন ধৰ্ম্ম তেজিয়া আসিলোঁ তজু পাশে।।
পতিসেবা ধৰ্ম্ম যত কহিলা আপোনি।
সেই ধৰ্ম্ম তোমাতে সিজোক চক্ৰপাণি।।৫৪।।
আৰো গোপী গণে বোলে শুনা নাৰায়ণ।
পুণ্যবলে আপোনি আসিলোঁ দাসীগণ।।
তুমি যদি নাৰাখা আপোনি কহোঁ সাৰ।
ফিৰি আমি নিজ ঘৰে ন পশিব আৰ।।৫৫।।
তোমাৰ চৰণ লগ্ন তুলসীক পাই।
খোপাত পিন্ধিয়া ফুৰি ৱোহোঁ গুণ গাই।।
তোমাৰ চৰণ নিজ ভকতৰ ভাগ।
লক্ষ্মী যাঁক সেৱা কৰি নাপাৱন্ত লাগ। ৫৬।।
ব্ৰহ্মা হৰে ন পান্ত মাগিয়া পদধূলি।
কেশ মেলি খোপাত ৰঞ্জিব তুলি তুলি।।
এহি বোলি গোপীগণে কান্দিলা বিস্তৰ।
কটাক্ষে সঙ্কোচ মুখ দেখে মাধৱৰ।।৫৭।।