পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মুক্তিয়াৰ।— হয়; হজুৰে ঠিককৈ দৰিয়াপ কৰিব লাগে। ইয়ং।— (অসন্তুষ্ট হৈ) হামি টিক দৰিয়াপ নাই কৰিছে? মুক্তিয়াৰ।— হজুৰ, মোৰ মোক্কেল গৰিপ; কিন্তু ভাল মানুহ। ইয়াৰ সম্বন্ধে ভালকৈ দৰিয়াপ কৰিব লাগে। ইয়ং।— (খঙ্গেৰে) ডৰিয়াপ! ডৰিয়াপ! ক্যা ডৰিয়াপ আছে? পেস্কাৰ।— অ, হয়। হজুৰ, এই গৰিপে তাৰ নিজৰ ক্ষমতাৰে মুৰ্গী কাঢ়ি অনাগৈ নাই। ইয়ং।— টাকে কোন খেমটা দিছে? মুক্তিয়াৰ।— হজুৰে। ইয়ং।— অ।—, টুমি একদম জুঠা কৈছে; হামি টাকে হেই খেমটা নাই ডিছে। জোৰ-জবৰদস্তি জুলুম কৰিবলে হুকুম হামি নাই দিছে। মুক্তিয়াৰ।— হজুৰে দৰিয়াপ কৰি চাওক, দিছে। ইয়ং।— হামি জুঠা নাই কৈছে; হামি হুকুম নাই ডিছে। মুক্তিয়াৰ।— বাৰু, মই ভাঙ্গি কওঁ। হজুৰ সেই মুৰ্গী বৰচাহাবৰ ৰচদলৈ হে আনিছিল; গাওঁবুঢ়াৰ নিজলৈ নহয়। ইয়ং।— ৰচদ আনিছে তো ডাম নাই ফাইছে? মুক্তিয়াৰ।— দাম পালে আৰু এনে হ'বলৈ পায় নে? হজুৰ নতুন কাৰণে বুজা নাই এথোন, পাচে সকলো বুজিব। ইয়ং।— ডাম নাই ফাইছে! আচ্ছা, হামি নাজিৰকে হুডিবে, ---নাজিৰ বাবু! নাজিৰ।— (নেপথ্যৰ পৰা 'হজুৰ'! বুলি বেগেৰে প্ৰৱেশ) ইয়ং।— এই আডমি ৰচন ডাম নাই ফাইছে? নাজিৰ।— নাই, হজুৰ দাম দিয়াৰ দস্তুৰ নাই।