পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭৬
গাওঁবুঢ়া

 ইয়ং।— ডস্তুৰ নাই! মাগনা কাবে! বহুত বয়া ডস্তুৰ আছে। আচ্ছা, হামি এই কঠা ডেকিবে পিচাৰি। আভি আচামী খালাচ।

(মুক্তিয়াৰ, ভোগমন, নাজিৰ প্ৰভৃতিয়ে চেলাম দি প্ৰস্থান কৰে)

 ভেলেউ।— হজিৰ! পিচে, দুখুনী বেটী হে নিগমে মৰিলোঁ।

 ইয়ং।— নাই, নাই মৰিবে। এইঠো বাট হামি ওপৰতে লেকিবে। কি জানি টোমাৰ খাটিৰে চবকো ভালা হ'ব ফাৰে।

 ভেলেউ।— সেইটো খোদায়ে হে জানিছে! (চেলাম দি প্ৰস্থান)

 ইয়ং।— (পেস্কাৰৰ প্ৰতি) ওৱেল, এইঠো ভালা ডস্তুৰ নাই আচে। কুলী জবৰদস্তি ডৰিবে! ৰচদ কাবে, ডাম নাই ডিবে! গাওঁবুঢ়া কাম কৰিবে, টলব নাই পাবে, কুচ্ নাই মিলিবে! কেইচা ডস্তুৰ! এ চব বাট হামি ওপৰতে লেকিবে। (প্ৰস্থান)

(চাহাব উঠি যোৱাৰ পাচত, কাকত-পত্ৰ জুকিয়াই লৈ পেস্কাৰৰ প্ৰস্থান)


তৃতীয় পট,-গাঁৱলীয়া ৰাজবাট।
(কচুখোৱা, কেৰপাই আৰু টেপেৰা)

 কেৰ।— মোলৈ হ'লে অসহনী হ'লহি ককাইটি! নোৱাৰি আৰু! কাইলৈ মোৰ বিষৈখন শোধাই দিওঁগৈ হে বুলিছোঁ।

 কচু।— দেগৈ শোধাই। পাৰিলে আমিও দিওঁগৈ।

 টেপেৰা।— কিয় নোৱাৰিম নো কিয়? কিনো নিকিনা-গোলাম সোমালোঁ? এৰিলেও নেৰিবৰ আয়ণ আছে নেকি?